প্ৰিয় শব্দ
নিতাল নিশাৰ সুহুৰিত ঢপঢপাই উৰি যায় চৰাই । খিৰিকীৰে সুমাই আহে সপোন কোলাহলক একাষৰীয়া কৰা গীত এটিৰ গুণগুণ য'ত প্ৰেমৰ শব্দই থিতাপি লয় । তুমি যদি চৰাই হোৱা মই তোমাৰ কণ্ঠ হম মোৰ উশাহৰ স্পন্দনত কপি উঠিব তোমাৰ নাম - প্ৰিয়তম ।। ------------ পৱন ডেকা
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
