প্ৰেমৰ সংজ্ঞা
হয় ঠিকেই , প্ৰেম দুদিনীয়া ইজনে সিজনৰ প্ৰতি থকা মৰমবোৰ বাৰু হʼব নোৱাৰে নে চিৰযুগমীয়া? হয় ঠিকেই , প্ৰেম কৰা নাযায়, প্ৰেম হৈ যায় তেন্তে এই প্ৰেমৰ বিষাদত পৰি , কিয়নো হৈছাঁ পগলা তুমি ? হয় ঠিকেই , প্ৰেমৰ সংজ্ঞা নাই তেন্তে এই প্ৰেমৰ শেষ বিচাৰি কিয়নো হৈছাঁ ব্যাকুল তুমি ? দুদিনীয়া জীৱনত বেদনাময় দুখ বিষাদৰ অনুভৱ বোৰ সামৰি কʼত নো পাবা তুমি সুখ ?? যিমানেই ৰাতি গভীৰ হয় সিমানেই ৰাগিয়াল নিচাযুক্ত হয় তোমাৰ বুকুত কি জ্বলে সেই দুখে , বিষাদে জীৱনটোক আৰু ব্যাপক কৰি তোলে ।।। ধ্ৰুৱজ্যোতি মহন্ত
Poetry Books 50% Off
Bestselling collections from top poets
