অনুৰাগ
"অকণে আনে অমিতা আমিনাই আনে আম" পঢ়াৰ দিনতেই মই তোমাৰ প্ৰেমত পৰিছিলোঁ জানানে? বিচাৰি ফুৰিছিলোঁ তোমাক কিতাপে কিতাপে চিঞৰি চিঞৰি মাতিছিলোঁ তোমাক সোণালী সুযোগ পালে, শব্দৰ মালা গাঁথো আজিও তোমাৰ নামতে নজনাকৈয়ে, অনামী হেঁপাহেৰে। শিপালা তুমি মোৰ তেজতে মজিলোঁ মই তোমাতে, অৱসাদ, মনৰ যত বিষাদ আঁতৰি যায় নীৰৱে তোমাৰ সেউজ সুকোমল পৰশ পালে। বিনন্দীয়া তোমাৰ প্ৰাণ বিচিত্ৰ তোমাৰ সুঘ্ৰাণ, মোৰ হিয়াৰ উকা কেনভাছত আঁকি ললোঁ তোমাৰেই ছবি পাৰ হ'ম মই বৈতৰণী, তোমাৰেই জোনাকত অৱগাহি।।।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
