তাই
✍️ ঈশ্বৰ ঢাকাল মোক শুধে তেওঁ কেনেকুৱা আছিল উত্তৰ মই দিও শুনা কেতিয়াবা আকাশ দেখি পাইছানে তাত যে ডাৱৰে লুকাভাকো খেলে সেই ডাৱৰ দৰেই আছিল তাই বিশাল হৃদয়ৰ নিস্বাৰ্থ মাথোঁ জানে হাঁহি থাকিবলৈ..... তাই যেন ৰাতিৰ জিলিকা জোনাক আছিল কেতিয়াবা নিয়ৰ দেখি পাইছানে তাইও সেই নিয়ৰেই আছিল শান্ত…..... যিয়ে জীপাল কৰি তোলে পুৱতিৰ ধৰা...... তাই যেন যোদ্ধা আছিল নিজৰ হেজাৰ বেজাৰ বুকুতে ঢাকি আনৰ কথা ভাবি আনৰ বাবেই সকলো কৰিছিল.... জানা তাইৰ সপোন এটাই আছিল.. চৰাই হৈ উৰি ফুৰা তাই স্বাধীনতা ভাল পাইছিল উৰি আৰু হাঁহি ভাল পাইছিল.... নিজক লৈ তাই চাগে সপোন ৰচিয়েই নাপালে নিজৰ ওচৰৰ বোৰৰ পজা সাজুতেই গল দিন তথাপিও কিন্তু হাঁহিব পাহৰা নাছিল তাই তাই সঁচাই....
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
