তুমিহীন সোণৰ অসম
তুমিহীন সোণৰ অসম """"""""""""""""""""""""""''""" আকাশলৈ ৰ' লাগি চাই তৰাবোৰৰ মাজত..... তোমাক বিচাৰোঁ, তুমি চাগে আছা তাতেই সোমাই, চৌদিশে তৰাৰ সভা মাজত জোনবাই, তাত যেন বিশাল আয়োজন।। আজি যে তুমিহীন সোণৰ অসম..... নিতাল-নিমাত, তুমি চাগে নাজানা...... প্ৰতিজন অসমীয়াৰ তোমাৰ যে কিমান প্ৰয়োজন।। হৃদয় খালি কৰি অজান দেশলৈ তুমি পলকতে গুচি গ'লা, অচিন সাগৰৰ বুকুত সাতুৰি -নাদুৰি........ তাতেই বিলীন হ'লা।। হাজাৰ জনৰ মাজতো অকলশৰীয়া লাগে, তুমিহীন এই অসমত....! তোমাৰ দৰে এনে মানৱ দুনাই পামনে আৰু....... এই জনমত.......? ✍️মাৰজিয়া আহমেদ ২৩/০৯/২৫
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
