কথাৰ মেৰপাক
আবেলিৰ আজৰি সময়কণত মনতে কথা পাগুলি বেলকনিত পায়চাৰি । তেনেতে বতাহে সুধিলে - হেৰা কিনো ভাবি আছা ? মই ক'লো কিনো ভাবিম বুজিছা ,সময়ৰ কথা । সময় বৰ তাকৰ সময়ে নুবুজে সময়ৰ ঠিকনা । কথাবোৰ কবলে ভয় কথাৰ পাক,জেলেপীৰ পাক । কথা কব নাজানিলে কথাতেই লাগে জগৰ । বতাহেও কয় ময়ো লৈ যাব পাৰো কথাৰ আৰৰ কথাবোৰ । সেয়ে কয় কথাতেই কটা যায় কথাতেই বটা পায় ।। ---------------- পৱন ডেকা
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
