#আমন্ত্ৰণ
সীমাহীন ব্যস্ততাৰ পৰিধি ভাঙি এদিন ইয়ালৈ আহিবাচোন তুমি, উশাহবোৰ মুকলি হ'ব একঘেয়ামি জীৱনেও বাগৰ সলাব। নালাগে আনিব দামী উপহাৰ দিয়া মাথোঁ প্ৰতিশ্ৰুতি এবাৰ, বিলাসী সাজ খহাই এদিন ইয়ালৈ আহিবা তুমি প্ৰকৃতি ধিয়াই। দুচকুত থাপিবা আকাশৰ বিশালতা উশাহত উজাবা কেঁচা মাটিৰ অপূৰ্ব সুবাস, উদাৰতাৰ ছবিখনি তোমাৰ বুকুতে আঁকিবা এহালিচা মৰমৰ কঠীয়া প্ৰাণত মোৰ আকৌ এবাৰ সিঁচিবা! উজ্জীৱিত হ'ব সিদিনা তাহানিৰ সেউজ বুলিয়া কাহিনী অস্তৰাগেও বোৱাব সুখৰ মন্দাকিনী, মাথোঁ নহাকৈ নাথাকিবা তুমি গুণগুনাম একেলগে সোণালী দিনৰ সুৰীয়া গীত।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
