কবি নহওঁ
কোনে কয় মোক কবি বুলি ? কবি নহওঁ ! লিখোঁ তথাপি !! বেবেৰিবাং শব্দেৰে অৰ্থহীন কিছু স্তৱক নাজানো তাৰ অৰ্থ আছে কিম্বা নাই আবৃত্তি কৰোঁ তথাপি মহা মহা পণ্ডিতৰ বিখ্যাত বিখ্যাত কবিতা । মোৰটো কোনো আদৰ্শ নাই , কবিতাৰ ৰসেৰে মুহিবলৈ ও দেখোন নাই শব্দ কিম্বা ছন্দৰ ভাণ্ডাৰ ! তথাপি এই সস্তীয়া পৃথিৱীৰ নামি - দামী ভদ্ৰ লোকৰ মাজত কবি বুলি পৰিচয় দিওঁ নিজক কবি নহওঁ তথাপি ।। Mintu Sonowal 🌺
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
