বৰষুণ জাক তোমাৰ বাবেই ৰৈ থাকে
বৰষুণ জাক তোমাৰ বাবেই ৰৈ থাকে অভিমান সামৰি এজাক মুষলধাৰ বৰষুণ খং,অভিমানৰ থেকেচাত ছিপ ছিপ টোপাল তোমাৰ গালে,মুখে সানিলে । বৰষুণৰ কাষলে আহিলে ছাতিটো লগত নানিবা বৰষুণ জাকে আনে প্ৰাপ্তিৰ ঠিকনা । সৰু সৰু সুখৰ কণিকাই তিয়াই শৰীৰ বিষাদৰ সফুৰা আতৰাই আনে নৱ উন্মেষ ৰ বাট । বৰষুণ জাক তোমাৰ বাবেই ৰৈ থাকে তোমাৰ স্পৰ্শই জীয়াই তোলে সেউজীয়া বৰষুণ যে তোমাৰ আজন্ম প্ৰেমিক ।। -------------------- পৱন ডেকা
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
