*অপেক্ষা*
আকাশৰ নীলাবোৰ হঠাতেই নোহোৱা হ'ল বোৱঁতী নদীখনো দিশহাৰা হ'ল, শান্তিৰ মলয়া কেনিনো আঁতৰি গ'ল জীৱনৰ সুৰবোৰো দেখোঁ অঘৰী হ'ল! তথাপিও মনৰ গহন কোণত ঢিমি ঢিমি জ্বলে আশাৰ চাকি, অপেক্ষাৰো যে নাই শেষ পৰিধি। সময়ৰ শুভ্ৰ হাঁহি পুনঃ আহিব ঘূৰি স্পন্দিত হ'ব ভৱিষ্যতৰ নিথৰ ছবি জাতিষ্কাৰ হ'ব মোৰ জনমভূমি জীৱনে গাব আলোকভৰা গীতৰ কলি।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
