যাত্ৰা...
: প্ৰতিটো প্ৰশ্নৰ উত্তৰ সদায় ব্যক্তিৰ পৰা নহয়, প্ৰকৃতিৰ পৰা বিচৰা উচিত। প্ৰকৃতিৰ মাজত যেতিয়াই নিজক থিয় কৰাই প্ৰশ্নৰ শিতান মেলি দিবা,তেতিয়াই প্ৰকৃতিয়ে ছয়া ময়া কাচোনেৰে কাঁচি তোমাৰ হৃদয় তৰংগৰ উত্তৰ শিতানৰ জোৱাৰ ভাটা খুলি দিব আৰু ব্যাকুল হৃদয়ে তোমাৰ কল্পনাৰ পৰিধিত খোজ থৈ ক'ব— "প্ৰত্যুত্তৰ মোৰ কাষত" : শাৰদীয় পূৰ্ণিমাৰ প্ৰফুল্লিত চন্দ্ৰমা আজি আপোনাৰ মুখমণ্ডলত উজ্বলি উঠিছে যাদৱ! কল্পনাৰ তীব্ৰতাই আপোনাক যেন আৱেগিক কৰি তুলিছে,তেনে ভাৱ হয় মোৰ!! : জীৱশ্ৰেষ্ঠ প্ৰাণী হিচাপে জনম লভি আৱেগিক নুবুজিলে কেনেকৈ হ'ব সুপ্ৰভা?আবেগেই কল্পনাৰ সৃষ্টি কৰে, কল্পনাই সপোন সমুদ্ৰত ঢৌ তোলে আৰু সেই সপোনেই বাস্তৱমুখী হৈ তোমাৰ প্ৰশ্নমালৰ দৰে বহু অধ্যায়ৰ সমিধানৰ পাতনি মেলে।হয়তো মইও তাৰে ক্ষুদ্ৰ অংশবিশেষ...! : সামান্য জ্ঞান নকৰিব নিজক যাদৱ। : সামান্যইতো হওঁ মই! কেৱল তোমাৰ অমিয়া আৰু সাহসৰ তাৰুন্যতাই মোক জীপাল কৰি তোমাৰ ছায়াত ৰাখিছে, নহয় জানো? : হম্। জীয়াব খোজোঁ আমাৰ সময়বোৰো ৰাধা কৃষ্ণৰ দৰে এহেজাৰ কাহিনীক সামৰি। দূৰে দূৰে থাকিও যেন দুচকুৰ আগত ভাঁহি থকা প্ৰতিচ্ছবি হৈ...। : সুখ দুখৰ সীমনাত বন্দী আমি মানৱ সমাজ আৰু ইয়াৰ অন্তৰালতেই পোশা মেলি উঠে কিছুমান ভিন্নৰঙী কাহিনীয়ে। উপন্যাসৰ পাতত সজীৱ হৈ চিৰদিনলৈ থাকি যাব বিচাৰে কিছুমান লিপিয়ে। বেটুপাতত এটি নিমাখিত শব্দ হৈ...।
Poetry Books 50% Off
Bestselling collections from top poets
