বিলীন হৈ যাম এদিন
আপুনি জানে মই যে ব্যৰ্থ আপুনি বিহীন মই যে শূণ্য আপুনিতো বিদায় বুলি কৈ আঁতৰি গল ! কিন্তু এই তেজেৰে ৰাঙলী হৈ থকা ৰঙা কলিজাক কিদৰে বুজাও, আপুনি যে এতিয়া আৰু মোৰ হৈ থকা নাই । এতিয়া যে মই ভ্ৰস্তহীন পথৰ এজন নষ্টহীন যুৱক । নিশা মোৰ কোঠালীলৈ নাহিব চিগাৰেটৰ ধোঁৱাৰে উদুলি মুদুলি হৈ থকা ধোঁৱাৰ মাজত ভুক্তহীন প্ৰেমিকৰ কান্দোন চাবলৈ । এইদৰেই এদিন হঠাৎ হেৰাই যাম আপোনালোকৰ মাজৰ পৰা বহু দূৰলৈ যাম প্ৰকৃতিৰ মাজলৈ প্ৰকৃতিৰ প্ৰেমত গভীৰ ভাবে পৰিলে হয়টো প্ৰকৃতিৰ বুকুতেই বিলীন হৈ যাম চিৰদিনৰ বাবে । আপুনি বিহীন কটোৱা জীৱন কিমান কষ্টকৰ আপুনি কি বুজিব ? আপুনি জানে মই যে ব্যৰ্থ আপুনি বিহীন মই যে শূণ্য ।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
