অস্ত বেলি
সময়ে বহুত কথাই শিকাই মাথো সময়ত নিশিকাই অস্ত আকাশৰ তেজৰঙা বেলি আজি ডাৱৰত লুকাই। আপোনৰ ককৰ্থিত সপোনবোৰো বিসৰ্জিত মৌন ভাষা বোৰ হাঁহিত লুকাই মনৰ মাজত থকা ৰঙীণ কুঁহিপাত বোৰ দেখোন নিমিষতে শুকাই । চিতাৰ জুইকুৰা চাগে হৈ ৰʼব প্ৰশ্নবোধক গলাব নোৱাৰি কলিজাৰ অশ্ৰুৰ বৰফ... দুচকুৱে ৰ লাগি চাই ডাৱৰ ফলা বেলিৰ কিৰণ নে অপেক্ষাত স্তব্ধ হৈ পৰিব মোৰ ঘৃণিত জীৱন।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
