"দৃশ্যায়ন"
চৌপাশে এতিয়া বিতুষ্টিৰ অজস্ৰ কোলাহল অলিয়ে-গলিয়ে হিংসাত্মক দাৱানল, সভ্যতাৰ দুৱাৰডলিত দৌৰাত্ম্যৰ হলাহল সমন্বয়ৰ ভেটিত অবাঞ্ছিত বিভেদৰ ফচল। দোমোজাত টলবল মোৰ দেহ-মন মানুহেই মানুহক দেখি পিন্ধিছে ঘৃণাৰ বসন, পোহৰ সন্ধানীয়ে অনায়াসে এন্ধাৰক কৰিছে আলিংগন আধুনিকতাৰ ধামখুমীয়াত মৃতপ্ৰায় মানৱতাৰ গুঞ্জন। ক্ষোভৰ জুয়ে দহিছে মোৰ বুকুখন ক্ষমতা লোভৰ যুঁজত নৈতিকতাৰ স্খলন, স্বার্থপৰতাৰ ভৰত জহিছে-খহিছে স্নেহৰ বন্ধন ৰমণাভিলাষত বিধ্বস্ত বহু নাৰীৰ জীৱন। উস। বৰ অসহনীয় এই দৃশ্যায়ন সংকীৰ্ণতাৰ বিপৰীতে উদাৰতাৰ হওঁক উন্মেষণ, ধ্বংসৰ বিপৰীতে সৃষ্টিৰ কৰা অন্বেষণ আকাশ-বতাহ কঁপাই ঝংকাৰিত হওক মানৱ প্ৰেমৰ অৱগাহন।।।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
