*আহিবা নে জুবিন দা?*
✍️ঈশ্বৰ ঢাকাল জুবিন দা আহাচোন উভতি সেই গীটাৰখন লৈ এবাৰ জুৰি দিয়া সেই মায়াবিনীৰ সুৰ, তুমি নালাগে সাগৰ তলিত শুব তুমি জাগি উঠাচোন এবাৰ তুমি চোৱা এবাৰ চকু মেলি, তুমি যে দেখিছিলা নতুন অসমৰ সপোন জাতি মাটি এক হোৱাৰ, এতিয়া জানা.... অসমৰ চাৰিওদিশে কেৱল অসমীয়া গীত বাজি উঠিছে । তুমিয়েই কোৱা নাছিল জানো কেৱল মানুহ হʼবলৈ? এতিয়া সকলো এক হৈ কেৱল তোমাৰেই বাট চাই আছোঁ!! এতিয়া কিয় নিস্তব্ধ হৈ শুই আছা? অন্তত এবাৰ চোৱা তুমি নিজ হাতেৰে সজাব বিচৰা অসমী আইক। তুমিয়েই কৈছিলা - "বহুত কৰিব বাকী আছে; বহুত ৰচিব বাকী আছে " আহাঁ আকৌ এবাৰ সকলোকে শুনাই দিয়া সেই তুমি গাই ভাল পোৱা মোৰ মিনতিৰ সুৰটি। তুমি জানা তোমাক নিচ্ছুপ দেখি গোটেই প্ৰকৃতিয়ে যেন মৌন সভা পাতিছে গান গাই ভাল পোৱা চৰাইজাকেও সুৰ বিচাৰি হাবাথুৰি কৰি ফুৰিছে.. সেই গছবোৰ চোৱাচোন এবাৰ উঠি নিঠৰ হৈ ৰৈ কেৱল তোমাকেই বিছাৰি আছে.. তুমিতো প্ৰকৃতিৰ মানুহ আমাৰ বাবে নাহিলেও প্ৰকৃতিৰ বাবে আহাঁ!! তুমি নালাগে শুব সাগৰ বুকুত অসমী আয়ে একেৰাহে ৰৈ আছে... "সোনটো" আহিব বুলি .. আহাচোন আকৌ মতলীয়া কৰি দিয়া সকলোকে এন্ধাৰ হব নোৱাৰোঁ গাই.. আমি ৰৈ আছোঁ তোমাক ওচৰৰ পৰা " পপীয়া তৰা" গোৱা শুনিবলৈ আমি তুমি কোৱাৰ দৰেই " বাটৰে শেষতে" ৰৈ আছোঁ জুবিন দা কোৱাচোন আহিবাতো ন ? অন্তত কৈ থৈ যোৱা.. আহিবানে উভতি?
Poetry Books 50% Off
Bestselling collections from top poets
