জীৱনৰ এক অনুভৱ
কেতিয়াবা যে সংগ বোৰ এৰি অকলশৰে থাকিবলৈ মন যায় এই বিশাল নীলা আকাশ খনলৈ একেথৰে চাই ৰব মন যায় কিয় নাজানো এই মুকলি আকাশৰ তলত বহি থাকোঁতেই মধুৰ বতাহ জাকে গাত স্পৰ্শ কৰি গলে মনত এক শান্তি অনুভৱ হয় এনে লাগে যেন সমষ্ট দুখ ভাগৰ তাতেই নাইকিয়া হল কিন্ত তেনে নহয়....সেই অনুভৱ কেৱল খন্তেক সময়ৰ বাবেহে নিজৰ জীৱনটোৰ কথা মনলৈ আহিলেই বুকুখন কপি উঠে যদি কেতিয়াবা দুচকুত জিলিকা সপোন বোৰ হেৰাই যায় যেতিয়া আমাৰ ভাল লগা বোৰে আঘাত দি আতৰি যায় এনে লাগে যে জীৱনটো তাতেই শেষ কিন্ত শেষ বুলি কলেই শেষ হয় জানো নহয়....কেতিয়াও নহয় শেষৰ পৰাটো এক নতুন আৰম্ভণি হব পাৰে যেনেকৈ এপাহ ফুল মৰহি যোৱাৰ পাছত গছ জোপাই এপাহ নতুন ফুলেৰে নিজকে জীপাল কৰি তুলিব পাৰে তেনেদৰে মানুহ মৰহি গলেও দুখ বেদনা বোৰ হৃদয়ৰ এটা চুকত ৰাখি জীৱনৰ নতুনত্বক আকোৱালি আগবাঢ়ি যাব পাৰে ৷
Poetry Books 50% Off
Bestselling collections from top poets
