" স্বপ্নৰ মৰুদ্যানত "
স্বপ্নৰ মৰুদ্যানত এটি জোনাকী যাযাবৰী নিশাৰ । মোৰ কোচত আহি জিৰাইছিল ক্ষন্তেক প্ৰাণৰ পখী । নিস্তব্ধ নিশা শব্দ জুনুক জুনুক সো-সোৱাই অহা বতাহত থৰ থৰ কপনি শুকান পাতৰ । নিৰ্মমতা ভেদী বাঁহীৰ সুৰ এটিয়ে মোক জগালে - উঠা,জাগা -- দুচকুৰ খিৰিকি মেলি চাওতে দেখিলো অলেখ তৰাৰ জিলমিল । তাৰ মাজত এটি জোনাকী যাৰ পোহৰত ফুলি উঠিছিলো মই এটি অৰ্ধ প্ৰস্ফুটিত গোলাপ হৈ ।। --------------- পৱন ডেকা
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
