শৰৎ ৰ আগমণে
শৰৎ ৰ আগমণে সেমেকা শীতৰ আলোড়ন কুঁৱলীৰ টোপাল বোৰক শৰৎ তে জনাই অভিনন্দন। সেউজীয়া জাননীৰ পথাৰ সৌন্দৰ্য ৰে আৱৰা শৰৎ অহাৰ খবৰ শুনি শেৱালী ৰ মন যে ভৰা। শৰৎ নাহিলে জানো শেৱালীয়ে সুবাস বিলাব পাৰে শৰৎ অবিহনে হেনো শেৱালী থাকিব কিদৰে । শৰৎ ৰ আগমনত পুৱাৰ চৰাই জাকে জুৰিছে গীত। স্মৃতিবোৰ জীয়াই আকৌ যেন আহি পালেহি শীত। কহুৱা বনে বতাহত নাচি শৰৎ ৰ দিয়ে আগলি বতৰা সকলোকে কয় শৰৎ আহিলে শাৰদীয় উৎসৱৰ প্ৰস্ততি কৰা । উৎফুল্লিত মন আজি শৰৎ অহাৰ উমান পাই তাৰে সুখত আজি হেজাৰ দুখ বোৰ যে পলুৱাই ।
Poetry Books 50% Off
Bestselling collections from top poets
