এটি আৱেগৰ কবিতা। .....…….....
ৱালত ঘড়ী,অহৰ্নিশে বাজে টিক্-টিক্-টিক্, তাৰ লগে লগে বাগৰিল সময় বাগৰিল দিন, সময়ৰ শৰ গ'ল সো-সোৱাই। ৰিণিকি ৰিণিকি ভাহিছে চকুত সৌ সিদিনাৰ কথা, আইৰ উশাহ, মোৰ জীৱন ক্ষন্তেকীয়া সেই ন-মাহ, বছৰৰ শেষ মাহ ডিচেম্বৰ ঘৰত আড়ম্বৰ ! বহু আকাংক্ষিত নতুন আলহী আহিছে ঘৰলৈ, থুনুক-থানাক খোজ মুখত আধা-ফূটা মাত, আইৰ কোলাতে জীৱনৰ সংজ্ঞা। দেউতা আহে ঘামি-জামি দৌৰি গৈ কোলাত উঠো, গালত এটা আদৰৰ চুমাৰ আশাত, তাকেইতো.... দিন বাগৰে,ঘড়ীৰ কাটাৰ সৈতে, প্ৰৱাহিত নৈও শুকায় খৰালিত, ঘড়ীৰ কাটাও ৰৈ যায় যান্ত্ৰিক বিজুতিত্! কিন্তু নৰয় সময়, চকুৰ পচাৰতে গ'ল ঊনৈশটা বছৰ! বয়সো বাঢ়িছে চাপো বাঢ়িছে আহিছে মনলৈ নতুন আশাৰ সঞ্চাৰ পূৰ হ'ব নে পাছে সেইটোহে চিন্তনীয় এঃ যি হয় হ'ব এনেও বুঢ়া লোকে কথাতে কয়-"ঈশ্বৰে যি কৰে ভালেই কৰে"।। •••••••••••••××ו••••••••••••
Poetry Books 50% Off
Bestselling collections from top poets
