অনুভৱত শৰৎ
তোমাৰ বুকুত আছে যে কত উলাহ তোমাৰ আগমনত ছিটিকি পৰে দুখৰ হুমুনিয়াহ, ভালপাওঁ তোমাৰ শাৰদাকাশ প্ৰাণভৰি চাওঁ তোমাৰ শুভ্ৰ হিয়াৰ মূৰ্ত প্ৰকাশ। শৰৎ তুমি আহিবা শেৱালিৰ স'তে ক্ষন্তেক জিৰাবাহি মনৰ মোৰ সুগন্ধীবিহীন উৰুঙা পদূলিতে, পোহৰাবা মোৰ বুকুৰ তামসী চোতাল তোমাৰ স্নিগ্ধ জোনাকেৰে নিয়ৰসিক্ত দূবৰিৰ দলিচাত আশাৰ পাপৰিৰে গাঁথিম এধাৰ মালা চিৰসেউজ হাঁহিৰে।।।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
