নাৰী
সৌ সেই সময়ৰ পৰা আজিলৈ , মই নিশব্দে আছোঁ । নোৱাৰো মই নিজকে ঘনে ঘনে প্ৰমাণ কৰিবলৈ । নোৱাৰো মই মোৰ যন্ত্ৰনা এই অন্ধবিশ্বাসী সমাজত দেখাবলৈ । মাথো নি-শব্দে আছোঁ , কাৰণ মই এগৰাকী নাৰী সমাজৰ গৌৰৱ সমাজৰ তৃপ্তি । মোৰ সৎ গুণ আৰু মৌনতাতেই জীৱিত। আনৰ ইচ্ছা অধীনৰ পৰা মুক্ত কাৰণ মই স্বাধীন । মোৰ প্ৰতিটো খোজতেই সাহস আছে , মোৰ প্ৰতিটো আগ্ৰহতেই জীৱন জীলিকি আছে। তথাপিও বচাই ৰাখিব বিচাৰো নিজকে সমাজৰ ৰাক্ষকৰ হাতেৰ পৰা, বিশ্বনাৰী ধৰ্ষিতা হোৱাৰ পৰা ।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
