মই
জুৰুকাৰ বেলি আৰু আবেলিৰ পোহৰ আৰু মোৰ হিদয় একেই, সহজতে পোৱা নেযায়, পালেও যুগ যুগৰ অপেক্ষাৰ বাটেৰে যাত্ৰা কৰিব লাগিব। মই জানো স্বাৰ্থপৰ সমাজে ভদ্ৰতাৰ মুখা পিন্ধি মোক আপোন হোৱাৰ উমান দিয়ে কিন্তু মই কাকো সহজে আকোঁৱালি ল'ব নোৱাৰোঁ কাৰণ মই জুৰুকাৰ বেলি আৰু আবেলিৰ পোহৰ হয়। মোৰ কাষত পৰি থকা এপাহি ফুল আজিও সতেজ আৰু গোন্ধময় হৈ আছে তাৰ পৰশত কাকো আহিব দিয়া নাই কাৰণ মোৰ চানেকিত কাকো স্পৰ্শ কৰিবলৈ অনুমতি দিয়া নাই। সহজ আৰু সৰল মোৰ বস্ত্ৰ হয় মোৰ অভিমান হয় কাৰণ মই জুৰুকাৰ বেলি আৰু আবেলিৰ পোহৰ হয়। মই কাৰোবাৰ আপোন নহয়, মই কাৰোবাৰ পৰ নহয়, খন্তেকীয়া জীৱন নামৰ ফুল পাহ কেতিয়া মৰহি যাব ঠিকনা নাই, আলহীৰ দৰে থাকি, গুচি যোৱাটোৱেই মোৰ আদৰ্শ, কাৰণ মই জুৰুকাৰ বেলি আৰু আবেলিৰ পোহৰ হয়। ✍️ জাভেদ আখটাৰ আলী
Poetry Books 50% Off
Bestselling collections from top poets
