সূৰ্যাস্ত
অ' মই কিবা এটা ভাবি আছিলোঁ কান্দি কান্দি আকৌ হাহিছো টোপনিৰ পৰা সাৰ পাই দেখো এইবাৰ আকৌ নতুন মানুহ যাৰ বাহ্যিক একেই,কিন্তু বেলেগ উচ্চাৰণ মই কেৰেপ নকৰিলোঁ, সূৰ্যাস্ত চাম বুলিয়ে যিহেতু ঠিক কৰিছো, ক'ত,বেলি কটা সূৰ্যাস্ত আজি দেখোন নাই আগৰ নিচিনাকৈ আকাশখনেও একো কোৱা নাই মৰমবোৰো নিষ্ঠুৰ যতেই চাওঁ সেইবোৰ বতাহ,মাথোঁ বলি আছে তেনেতে বন্ধু শ্যামক লগ পালোঁ সিও হেনো আজি সূৰ্যাস্ত দেখা নাই। - বিতোপন কলিতা
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
