তুমি
তুমি, তুমি তুমি লগা প্রতিটো পল , তুমি তুমি লগা আজি প্রতিটা অনুভৱ আজি সকলোতে কেবল তুমি, কেবল তুমি।। মোৰ মৰহা গোলাপজোপাৰ সুবাস তুমি, মোৰ ভগা চালিখনৰ আশ্রাদান তুমি। হৃদয়ৰ এচুকত থকা ৰাগৰ সুৰ তুমি, নিশাৰ আকাশৰ জোনাক তুমি; মোৰ কৃত্ৰিম জীৱনৰ প্ৰাণ তুমি । নাজানো কিয় আজি কেবল সকলোতে তুমিয়ে তুমি।। মোৰ আন্ধাৰ কোঠাৰ পোহৰ তুমি, জীৱনৰ অগ্ৰণী পথৰ দুৱাৰদলি তুমি; মোৰ চঞ্চল মনৰ গৰাকী তুমি। কেবল তুমি, কেবল তুমি।। - আকাশদীপ বৰগোহাঁই
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
