যাত্ৰা...
: কি বুজাব বিচাৰিছা? : মইও তাৰে এক অংশ অ'...আৰু ভাৱ বোৰে চাগে সেয়েহে বৰ বেছিকৈ আমনি কৰে(!) জানা মোৰ লগত ধেমালি খেলিবলৈ টনা আজোৰা কৰে আৰু মই ক্ষোভিত হওঁ...কিন্তু, নিশব্দে ৰও কিজানিবা দুখ পাই অন্তৰে...। : হৃদয়খন বাৰু খহি পৰিব নোখোজেনে? : খোজে,, কিন্তু " মই " নামৰ আৱেগ টোৱে পুনৰ তুলি ধৰে। : এহেজাৰ কাহিনীৰে ভৰা তোমাৰ জীৱনটোৱে জিৰাবলৈ দিয়েনে? : " জিৰণি "... জিৰাইছিলোঁ এসময়ত যেতিয়া দোকমোকালি পুৱালৈকে মা ৰ হাতখন মোৰ কেঁকোৰা চুলিত আলফুলে বাগৰি ৰৈছিল... জিৰাইছিলোঁ তেতিয়া, যেতিয়া পত্নীৰ কোলাত ক্ষন্তেক চকু মুদিছিলোঁ...আৰু...আৰু তেতিয়া জানা, যেতিয়া একোলা দুকোলাকৈ বাঢ়ি অহা মোৰ তনয়াক দুহাতেৰে সাৱটি বিছনাত বাগৰ দিছিলোঁ...। হয়তো সেই সময়ে বৰ বেছিকৈয়ে জিৰাবলৈ দিলে,যাৰ কাৰণে এতিয়া প্ৰতি নিশা জাগি ৰও আৰু অনুভৱৰ দলিচাতে পাৰ কৰোঁ প্ৰতি ক্ষান্ত প্ৰহৰ(!!)
Poetry Books 50% Off
Bestselling collections from top poets
