"উজাগৰী নিশা"
দুখৰ উত্তাপত উজাগৰে থাকোঁ গভীৰ নিশা, বহুদিনেই হ'ল অভিমানী জোনজনী মোৰ বুকুতে শুই থকা। বিশৃংখল মনৰ ভাৱনা, এন্ধাৰ অৰণ্যত কাৰ আস্ফালন সেয়া? কান্দে কোনে বিচাৰি ৰৌদ্ৰোজ্জল ঠিকনা অট্টহাস্য কৰে কোনে ফালি নিৰ্লজ্জতাৰ সীমনা! নামি আহচোন চিকুণ বৰষা ধুৱাই নে মলিন হৃদয়ৰ চৌপাশ, বোৱাই দে প্ৰেম, প্ৰত্যয়ভৰা অনন্ত ধাৰা। বহুদিনেই হ'ল চিনাকি বাঁহীৰ সুৰ হেৰুৱা, ক'ত আছ সুগন্ধিত মলয়া? আলফুলে আহি নিচুকাই দেচোন মোৰ ক্লান্ত দেহা হেঁপাহেৰে জনাওঁ বিদায় আজিৰ এই উজাগৰী নিশা।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
