নিজানত তুমি
তোমাক ঘূৰাই পোৱাৰ হেঁপাহ আৰু মোৰ নাই কিন্তু আজিও ৰাতিৰ নিস্তব্ধতাত মনলৈ প্ৰশ্ন উঠে তুমি মোৰ নাছিলাই নে মই তোমাক নিজৰ কৰিৱহে নোৱাৰিলো.......... মোৰ ভালপোৱা ইমান দুর্বল আছিলনে যে নতুনত্বৰ সুগন্ধই তোমাৰ জীৱনত মোৰ অস্তিত্ব ই নোহোৱা কৰি পেলালে....... মোৰ যোগ্যতা ইমান তাকৰ আছিলনে যে তোমাৰ সপোনৰ চিত্রখন স্পৰ্শই কৰিৱ নোৱাৰিলে.......... নে নতুনত্বৰ সুগন্ধৰ তীব্রতাই মোৰ চকুৰ চকু পানী খিনি তোমাৰ বাবে মূল্যহীন কৰি পেলালে....... নে অজানিতে মই য়ে কিবা ডাঙৰ ভুল কৰি পেলালো যাৰ বাবে তুমি মোৰ বুকুত স্মৃতিৰ এসোপামান বুজা থাপি মোক ভালপোৱাৰ ফাঁচি কাতথ উলোমাই এৰি থৈ গুছি গ'লা........ জীৱনলৈ ঘূৰি আহিবলৈ কোৱা নাই মাথো কেতিয়াবা নিজানত এপাক আহিবাচোন কিজানিবা মই মোৰ মনৰ প্ৰশ্নবোৰৰ উত্তৰ তোমাৰ নিঃশব্দ মুখখনিত বিচাৰিয়ে পাও...... - Prostuti Sharma
Poetry Books 50% Off
Bestselling collections from top poets
