মোক হত্যা কৰা হৈছিল
মোক হত্যাৰ ষড়যন্ত্ৰ চলাইছিল সিহঁতে বাৰে বাৰে মোক ঠেলি দিয়া হৈছিল জ্বলন্ত অগ্নিপিণ্ডলৈ । মোৰ ওপৰত মিছা অপবাদৰ ঢোলতো বজাই সমাজত হাঁহিৰ কেন্দ্ৰবিন্দু সজোৱা হৈছিল মোক আপোন মানুহবোৰক মোৰ পৰা আঁতৰাই ৰখা হৈছিল । বাৰে বাৰে বন্ধ কোঠালিত মোক বান্ধি ৰখাৰ প্ৰয়াস চলাইছিল সিহঁতে মই জ্বলোৱা প্ৰতিবাদৰ জুইকুৰা যেন সিহঁতে নুমাই পেলাব বিচাৰিছিল মই সজা সপোনৰ বালিমহলটো যেন সিহঁতে বৰষুণৰ পানীৰে ধুৱাই পেলাব বিচাৰিছিল । জ্বলন্ত অগ্নিপিণ্ডলৈ ঠেলি দি সিহঁতে সংগপোনে মোক হত্যাৰ ষড়যন্ত্ৰ চলাইছিল যদিও বা প্ৰতিবাৰেই ব্যৰ্থ হৈছিল সিহঁতবোৰ মোৰ প্ৰতিবাদী শব্দৰওচৰত । মোক প্ৰতিটোক্ষণেই হত্যাৰ ষড়যন্ত্ৰ চলাইছিল আৰু মই প্ৰতিটোক্ষণেই উত্তৰ দিছিলোঁ উকা কাগজত মোৰ কাপেৰে নিগৰিত প্ৰতিবাদী শব্দৰে ।।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
