জোনাক আহিলে আপুনি নাহিব
জোনাক আহিলে আপুনি নাহিব কাৰণ আপুনি আহিলে জোনাক নাহে । অমাৱস্যা ৰাতি আপুনি আহক কোনেও নেদেখা কৈ । জোনাক নিশা আপোনাক দেখিলে তৰাবোৰেও ফিচিঙা ফিচিঙি কৰে। আপোনাৰ সংস্পৰ্শতে ফুলি উঠে চিনাকি - অচিনাকি ফুলবোৰ ---- তাৰ পৰাই নিগৰিত হয় সুগন্ধিত সুবাস নমনীয়কৈ নিজতেই নিজে মতলীয়া হওঁ মই জোনাকৰ কোমলতাতে সপোনৰ মালা গাঁথি । সময়বোৰ এইদৰে পাৰ কৰো জোনাক নিশা য'ত লুকাই থাকে কৈ শেষ কৰিব নোৱাৰা সৌন্দৰ্যৰ সচিত্ৰ আভা,,, য'ৰ পৰা নিগৰিত হ'ব পাৰে সুখ আৰু আনন্দৰ প্ৰাচুৰ্যৰ বতৰা ।। জোনাকতেই ৰচিত হয় কত কবিৰ কবিতা নতুবা ; গায়কৰ কণ্ঠৰ পৰা বাহিৰ হয় গীতৰ সুৰৰ মধুৰতা ,,,। কত শব্দ, কত কবিতা এই বাটতে শুই গল অথচ মই এতিয়া ও সাৰে আছোঁ সাৰে আছে শৰীৰত নলগা গোপন এন্ধাৰ আপোনাৰ অপেক্ষাত কিজানি বা অমাৱস্যা নিশা আপুনি আহেই ।
Poetry Books 50% Off
Bestselling collections from top poets
