প্ৰেমত পৰিছোঁ
কেনেকৈ নো কওঁ তোমাক প্ৰেমত পৰিছোঁ মই তোমাৰ। তোমাৰ এই দীঘল চুলিটাৰি, তোমাৰ এই মিছিকীয়া হাঁহিটি আৰু তোমাৰ এই কাজলী নয়নে জগাই তোলে মোৰ হৃদয়ৰ বাসনা; তেতিয়া যেন তোমাক পোৱাৰ কামনা আৰু গভীৰ হৈ উঠে। তোমাৰ প্ৰতি মোৰ ভালপোৱা প্ৰকাশ কৰিবলৈ মোৰ ওচৰত শব্দ নাই; আছে মাথোঁ হৃদয়ৰ স্পন্দন। এবাৰৰ বাবেই অনুভৱ কৰি চোৱাচোন এই হৃদয়ৰ স্পন্দন। কিজানিবা তুমিও মোৰ প্ৰেমত পৰি যোৱা। ✍🏻 chumpi
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
