সেউজীয়া বাট
সপোনৰ বাটেৰে বাট উজাওতে বিষন্ন আবেলিটো ধূলিয়ে ঢাকিলে । পাতসৰা গছৰ ডালে ডালে ফুৰিছে ৰং বিৰঙৰ চিকুণ চৰাইৰ জাকৰুৱা মাত । সোৱাদ লগা ওঠৰ এটি চুমাৰে বৈ আহে এবুকু তেজ । বতাহৰ টনা আঁজোৰাত সৰি পৰে ভালপোৱাৰ সেউজীয়া ।। ------------------- পৱন ডেকা ফাকুৱা উৎসৱৰ শুভকামনা ।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
