তোমাৰ ঠিকনা বিছাৰি
ভোগদৈয়েদি উজাই গৈ বিছাৰিম তোমাৰ ঠিকনা ভূৰ লৈ, টুলুঙা নাওঁ লৈ উজায়েই গৈ থাকিম তোমাৰ ঠিকনা বিছাৰি । বাৰিষা যেতিয়া ঢল হৈ আহিব যৌৱনা নৈখন মই পকনিয়াত সোমাম, পলসত সোমাম লুতুৰি-পুতুৰি হ'ম বালিচৰত বালিঘৰ সাজিম বলুকাত বালিমাহীৰ দোপনি চাম ভতিয়াই অহা মাছবোৰকো সুধিম তোমাৰ ঠিকনাতো আকৌ এবাৰ ।। ভাগৰ লাগিলে কেতিয়াবা সিমলুজোপাৰ তলত বহিম পানীপৰুৱা লগত অথালি-পথালি খেলিম কলমৌৰ পাতৰ সোণপৰুৱা ফোঁত ল'ম দ্ৰোণ বনৰ বগছুৱা ৰস চুহিম ডিঙি মেলি চাম ঘাতজাল বোঁৱা মানুহজনক ওচৰ পালে তেওঁকো সুধিম তোমাৰ ঠিকনাতো আকৌ এবাৰ ।। মণ্টু হাজৰিকা
Poetry Books 50% Off
Bestselling collections from top poets
