হে লুইত কণ্ঠ - জুবিন দা
দুচকুত অলেখ সপোন হৃদয়ত অপাৰ মৰম, অসমীয়াৰ বাবে যিজন নিজৰ মাজতে নিজেই এক ইতিহাস তেওঁ । এক অচিন ইতিহাসৰ সৃষ্টি হয়টো এইদৰেই হয় যত নে কি কৰবাত কাহিনীয়েও লাজ পায় উঠে, কতজনৰ কত কষ্টকৰ ৰজনীয়ে সকাহ পায় যেতিয়া সংগীৰূপে বাজি থাকে জুবিন দাৰ গান আৰু তেতিয়াই অকলশৰীয়া মূহুৰ্তবোৰ হৈ পৰে অতিকে প্ৰিয় । যিয়ে মাজনিশা সপোন দেখে সোণৰ অসম গঢ়াৰ যাৰ গান নহলে আধৰুৱা যেন লাগে বাপতি সাহোন অসমীয়াৰ বহাগ বিহু যিজন ব্যক্তি নহলে আধৰুৱা হব যেন লাগে অসমীয়া কৃষ্টি - সংস্কৃতি । নিশাবোৰো হাৰি যায় তেওঁৰ উশাহৰ ভৰত সময়বোৰ হে বৈ যায়... কিন্তু উশাহবোৰক দি যায় জীৱনৰ সংজ্ঞা। আপোনাক আশীৰ্বাদ দিয়াৰ যোগ্যতা আমাৰ নাই তথাপিও ভগবানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিম কুশলে ৰাখক আপোনাক সদায় । হেজাৰ হেজাৰ জনতাৰ হৃদয়ত "ভগবান" ৰূপে ঠাই লোৱা আপুনিয়েই জিলিকাই ৰাখকক অসমীয়াৰ স্বাভিমান, "লুইত কণ্ঠ" নামেৰে পৰিচিত আপুনি সদায় জিলিকি ৰওক আমাৰ অসমীয়াৰ হৃদয়ত কাললৈ জিলিকি ৰওক আপুনি "হে মহান সত্ত্বা"। আৱহমান হৈ বৈ যাওঁক আপোনাৰ গীতৰ নিজৰা ।।
Poetry Books 50% Off
Bestselling collections from top poets
