"আশা"
মোৰ বুকুৰ ছন পৰা মাটিত পাতিছোঁ এখনি উদ্যান ৰোপণ কৰিছোঁ সৰু-বৰ হৰেকৰকম পুলি, প্ৰতিপাল কৰিছোঁ পুৱা-আবেলি ফলে-ফুলে, গছে-বনে জাতিষ্কাৰ হ'ব এদিন মোৰ বুকুৰ উদ্যানখনি। যান্ত্ৰিকতাৰ ভৰত যেতিয়া শ্ৰান্ত হ'ম মই আৰু তুমি, ফুলৰ সুবাসত পখালিম আমাৰ অৱসাদখিনি বিৰিখৰ ছাঁত শিতলাম বিষাদৰ তপ্ত বালি। মোৰ বুকুৰ পথাৰতো থাপিছোঁ সেউজী শইচ, ৰ'দ-বৰষুণজাক মূৰত লৈ ঘামে ধোৱা দেহাটিলৈ অলপো নোচোৱাকৈ। নাহিবি বাৰিষাৰ বলিয়া বান সোণোৱালী হ'ব পথাৰৰ ধান, সোণগুটিৰে উপচিব মোৰ উদং ভঁৰাল খাম, খোৱাম হেঁপাহেৰে ভোকৰ এমুঠি ভাত।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
