উত্তৰবিহীন শিতান
অনুভূতিৰ পাৰাপাৰ কিমান? সাগৰে জানো সুধিব(??) অচল হৈ পৰা খোজৰ গতি ৰূদ্ধ কিয়? ৰুগ্ন হৃদয়ে জানো বুজিব(??) নিলিপ্ত কাৰেঙৰ বন্ধ কোঠাৰ গীত কোনে শুনিব? সমীহৰ তাড়নাত ছটফটাই থকা অশৰীৰি বন্তি গছেও চিঞৰি উঠে নেকি!! " আনক আন্ধাৰৰ ৰছী খুলি পোহৰ দেখুওৱা মই কিয় আজি নিজেই আলোকহীন?(কিয়) অটল গহ্বৰৰ দীপ্ত সলিলৰাশিয়েও চাগে,, ক্ষুধা হৈ পৰে এমুঠি আশাৰ বাবে! প্ৰশ্নোসিক্ত হৈ পৰা হৃদয়ক কোনসতেনো ৰখাব পাৰে? কাৰ প্ৰেৰণাৰ প্ৰশ্ৰয় দান কৰিব পাৰে? মাথোঁ সান্তনা(?) ওহোঁ, কেতিয়াও হ'ব নোৱাৰে(হাস্যময়) এজাউৰি বাসনাৰ বলি হোৱা উত্তাল তৰংগৰ তীৰ কোনে ভেদ কৰিব? তীক্ত হৈ পৰা সমুদ্ৰতীৰৰ আশংকা জানো দূৰ কৰিব পাৰিব(??) এনেকৈয়ে...(!!) প্ৰশ্নয়ো চাগে নিজক প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰে,, "মোৰ শেষ কোনদিশে?" আঁতি আঁতি প্ৰশ্নৰ শিকলিৰে বান্ধি ৰখা গীতৰ এটাই নাম দিম, "উত্তৰবিহীন শিতান..."
Poetry Books 50% Off
Bestselling collections from top poets
