অনুভৱ
লিখক নহয় কিন্তু লিখি ভালপাও । বক্তা নহয় কিন্তু মানুহক বুজাই ভালপাও । কেতিয়াবা যদি সুখৰ কেতিয়াবা দুখৰ। কোনোবা খিনি লিখনি যদি নিজৰ সতে মিলি যোৱা আন কোনোবা খিনি আকৌ আনজনৰ জীৱনৰ সতে মিলি যায়। লিখাৰ কোনো নিৰ্দিষ্ট সময় নাথাকে - কেতিয়াবা যদি ভৰ দুপৰীয়া আকৌ কেতিয়াবা মাজনিশা শব্দবোৰৰ সতে খেল পাতো । লিখনিবোৰ যেতিয়া বিলাই দিও আনজনে দিয়া মন্তব্যৰে সুখী হওঁ যিহেতু সৰু সৰু কথাবোৰতেই আমিবোৰ সুখী । হৃদয়ৰ অনুভববোৰ বুজি শব্দবোৰ লগ লগাই হৃদয়ৰ কেনভাছত সাজিব বিচাৰো এখন ধুনীয়া শব্দৰ ফুলনি যত থাকিব ৰঙা গোলাপ, ৰজনীগন্ধা নাহৰ, তগৰ আৰু বহুতো ফুল। ব্যস্ততাৰে ভৰা এই পৃথিৱীত শব্দবোৰৰ সতেই ব্যস্ত থাকো। নিজৰ বাবে নহয় আপোনালোকৰ বাবেই লিখোঁ মাথোঁ মৰমবোৰ কমাই নিদিব ..
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
