* আঘোণৰ সোণোৱালী পথাৰ *
কুঁৱলীৰ আচ্ছাদন ফালি নিয়ৰৰ মুকুতা গছকি, প্ৰভাতী সূৰুযৰ ৰহণ সানি খোজ লওঁ মই আঘোণৰ পথাৰলৈ বুলি আঘোণৰ সোণোৱালী পথাৰে মাতে মোক ৰিং মাৰি। কিমান যে মনোমোহা আঘোণৰ সোণোৱালী পথাৰৰ প্ৰতিচ্ছবি হেমন্তৰ কোলাত উঠি আঘোণৰ পথাৰত সোণগুটিয়ে হাঁহি হাঁহি কৃষকক মাতে হাত বাউলি ৰূপোৱালী কাঁচি হাতত লৈ দাৱনীয়ে আহে কাষচাপি। প্ৰত্যেকৰে দুচকুত জিলিকে প্ৰাপ্তিৰ তৰাফুলিয়া হাঁহি শতসহস্ৰজনৰ বুকুত আঘোণৰ সোণোৱালী পথাৰে সোণসেৰীয়া সপোন দিয়ে সিঁচি, লেছেৰি বুটলি, নৰাৰে পেঁপা সাজি আঘোণৰ সোণোৱালী পথাৰত উমলি থাকে এজাক কণমানি। সোণোৱালী ধাননিৰ সুবাস বিচাৰি পকা ধানৰ মাজে মাজে ডেও দি ফুৰে কীট-পতঙ্গ, চৰাই- চিৰিকটি, ভৰদুপৰীয়া আলিত বহি সবে মিলি লয় ৰবাব টেঙাৰ জুতি হৃদয়ে হৃদয়ে জ্বলে আশাৰ বন্তি। পথাৰৰ লখিমী বিৰিয়াত তুলি উদং ভঁৰাললৈ আনিব আদৰি জোৰাবলৈ বছৰৰ ভাতমুঠি, ভোগৰো মেলা পাতিব মাঘৰ উৰুকা ৰাতি আঘোণৰ সোণোৱালী পথাৰতে খেতিয়কে পাই লুণীয়া ঘামৰ মূল্য বিচাৰি। বানে গৰকা দুখ সামৰি সেয়েহে সোণগুটি চপোৱাত সকলো ব্যস্ত আজি মোৰ পিতাইৰ বুকুতো ফুলিছে সুখৰ খৰিকাজাঁই আইৰ শেঁতা পৰা দুচকুত ভৱিষ্যতৰ সোণালী স্বপ্নই দুলিছে সঘনাই। আঘোণৰ সোণোৱালী পথাৰে নকৰে ছলনা দিয়ে মাথোঁ জীয়াই থকাৰ প্ৰেৰণা, আঘোণৰ সোণোৱালী পথাৰ জীৱনৰ দাপোণ আঘোণৰ সোণোৱালী পথাৰ পূৰ্ণতাৰ মিঠা কল্লোল।।
Poetry Books 50% Off
Bestselling collections from top poets
