ৰঙচুৱা ফাগুন ( মুনু নাথ)
ফাগুন তই বৰ দুষ্ট তোৰ ৰঙেৰে আমূলমূল হয় এই সন্ধিয়া মন গলে শান্ত মন গলে বৰদৈচিলা জনী হৈ মূৰ্হুত্ততে শেষ কৰি পেলাই থৈ যাৱ। শান্ত থকা সময়ত তোক সকলোৱে ৰঙীন ফাগুন বুলি কয় মন গলে সলনি হৈ পৰ কিয়? তোৰ বাবে যে ক'ত হেঁপাহ তোৰ ৰঙতে বিভোৰ মোৰ মন পথাৰ এইয়া যেন মদাৰৰ সময় তোৰ প্ৰেমৰ সুবাস বিচাৰি আলহী হৈ আহিছে পছোৱা জনী .......। তথাপিও যেন সুখৰ এই ফাগুন পলাশ , শিমলুৰে ৰঙা দলিছা পাৰি আদৰিছোঁ তোক ফাগুন ফাগুন মাথোঁ তই নহবি দুষ্ট ইমান ।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
