বেদনাৰ চকুলো
নিস্তদ্ধ নিশাৰ আঁচলত পৰুৱা যেন উজাগৰী, বিৰহৰ সংগীত বাজে অন্তৰত নিশব্দেৰ চানেকি অকলশৰীয়া হৃদয়খনত আশাৰ কল কলনি বাজি থাকে, মৰিশালিৰ দৰে মোৰ নিস্তদ্ধ জীৱনত চকুলো বৈ আহে নিশব্দে মৰমৰ আঁচল হেৰাই গ’ল সপোনৰ আকাশত, বেদনাৰ সুৰে বাজি উঠে মোৰ বুকুৰ একোনত। বুকুৰ মাজত হালধীয়া স্মৃতিবোৰ হেঁপাহ হৈ উৰি যায় চকুলোৰে গঢ়া নদীৰ ভেটাত বিষাদৰে ভৰা প্ৰতিটো ছাঁয়াত।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
