আধাপোৰা মম
মাজনিশা মনৰ দুৱাৰত কোনোবাই টুকুৰিয়াৰ শব্দ পায় হঠাৎ সাৰ পালোঁ, সাৰ পায় আধাপোৰা মমডাল জ্বলাই পিৰিকাই চালো যদিও বা কাকো দেখা নাপালো।। বতাহৰ সোঁতত মাথো মিঠা মাত এটি ভাহি আহিলে প্ৰেমৰ আলিংগনত কিমান ডুবিচা তুমি?? মই ও চিঞৰি কৈ দিলোঁ চিগাৰেটৰ ধোৱা বেয়া পাইছিলে বাবে তাই চিগাৰেট হুপিব এৰি দিছিলোঁ মই তাইৰ নামেৰে মোৰ বুকুত তাজমহল সাজিছিলো মই দোভাগ ৰাতি খেলি থকা নীলা তৰাবোৰৰ দৰে আমাৰ আশাবোৰ ও উৰা মাৰিছিল ডাৱৰৰ সিপাৰলৈ। ইমানেই ডুব গৈছিলো তাইৰ প্ৰেমৰ আলিংগনত।। আলমাৰিৰ এচুকুত এতিয়া ও আছে মোৰ মৰমৰ প্ৰেমৰ ডায়েৰী যত লিখা আছে তাই ভালপোৱা প্ৰতিটো নামৰ আঁৰত এটা এটা শাৰী। মোৰ হৃদয়ত যেন এতিয়া দুখে বৰঘৰ বান্ধিছে, পলসে কবৰ দিছে মোৰ কিতাপৰ মেটমৰা আলমাৰিত।। তাইৰ ভালপোৱাবোৰ যেন এতিয়া বিষ হৈ গলিছে দোভাগ ৰাতি এতিয়া মাথোঁ চিগাৰেটৰ ধোঁৱাৰ সৈতে উৰি ফুৰে সেই আধাপোৰা মমৰ পোহৰত মোৰ ৰং-চঙীয়া সপোন আৰু আশাৰ সমাধি।
Poetry Books 50% Off
Bestselling collections from top poets
