জীৱনটো এটা মূহূৰ্ত
জীৱনটো এটা মূহূৰ্ত ক্ষন্তেকীয়া দ্ৰুত সময়ৰ মাজেৰে এটা যাত্ৰা যিটো চিৰদিনৰ বাবে স্থায়ী নহয়। প্ৰতিটো খোজৰ সৈতে এটা স্মৃতি ৰৈ যায় আৰু প্ৰতিটো উশাহতে এটা কাহিনী। মৌনতাত আমি বহু কথা কৈ যাওঁ, আমাৰ এই মৌনতাৰ মাজৰ কথা বুজিবলৈ জীৱনত সঠিক মানুহ অতি কম লগ পাওঁ। আন্ধাৰৰ মাজেৰে আমি আমাৰ পথ বিচাৰি পাওঁ আৰু পোহৰত এটা উজ্জল দিন। জীৱনটো এটা প্ৰহেলিকা যিটো বুজিবলৈ অলপ টান। জীৱনটো কেৱল নিজৰ পৰাই আৰম্ভ আৰু শেষ হোৱা এক যাত্ৰা। জীৱনৰ পথত বহু সঙ্গী লগ পালেও এই যাত্ৰা আমি নিসংগতাৰেই শেষ কৰোঁ যত আৰম্ভণিও নিজৰ আৰু সমাপ্তি ও নিজৰ।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
