জীৱনৰ শেষ দিন
সেই শেষ দিনত দপদপকৈ জ্বলি উঠিব চিতাৰ জুইকুৰা ধোৱা উৰিব, আৰু লগত উৰি যাব হাজাৰ হাজাৰ সপোন জীবনৰ শেষ দিন। শেষ হৈ যাব লগৰীয়াৰ লগত কৰা ধেমালি বোৰ শেষ হৈ যাব মা দেউতাৰ লগত কৰা অভিমান বোৰ শেষ হব জীবনৰ প্ৰত্যেক জন প্ৰিয় মানুহৰ লগত পাৰ কৰা সেই ক্ষণ বোৰ আৰু হেৰুৱায় নিজস্বতাৰ পৰিচয় সেই দিনটোত। চিতাৰ জুইকুৰাই সম্পূৰ্ণকৈ ভষ্মিত কৰিব আৰু আবদ্ধ হব এই সকলোবোৰ মাত্ৰ এটা ফ্ৰেমৰ মাজত জীবনৰ শেষ দিন। --- পাহি লাহন
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
