আহ্বান
আমাক নালাগে "কা" নামৰ জাতিধ্বংসী উপহাৰ আমাৰ জাতি, মাটি, ভাষা, সংস্কৃতিক নকৰিবা সংহাৰ, ককাই অ' কাণ পাতি শুনাচোন এবাৰ হিয়াৰ আকূতি অসমপ্ৰাণ জনতাৰ। গণতান্ত্ৰিক দেশত আমাৰো আছে অধিকাৰ নকৰিবা স্বৈৰাচাৰ, নিবিচাৰোঁ আমি শতৰুৰ ভাৰ, ককাই অ' ৮৫৫ শ্বহীদৰ শোণিতক সোঁৱৰাচোন এবাৰ নিজৰ ভাষা-সাহিত্যক জীয়াই ৰাখিবলৈ লাগিলে পুনৰ বোৱাম আমি তেজৰ ধাৰ। মান, মোগল, ব্ৰিটিছ সবেই অসমীয়াৰ হাতত কৰিলে পৰাজয় স্বীকাৰ অসমীয়াৰ অসীম শক্তিয়ে খহাব এদিন তোমাৰো ক্ষমতাৰ পাহাৰ, ককাই অ" সময় থাকোতেই "কা"ক কৰা প্ৰত্যাহাৰ সুজলা-সুফলা, শস্য-শ্যামলা, ৰূপহী অসমভূমিক নকৰিবা ছাৰখাৰ। যদিও আজি নাই লাচিত, মূলা কিম্বা যত বীৰ-বীৰাংগনা আইৰ মান ৰাখিবলৈ সাৰে আছোঁ আমি অগণন পুত্ৰ-কন্যা, ককাই অ' চিৰচেনেহী আমাৰ ভাষা জননীক লৈ নেখেলিবা হেতালি নহ'লে হেংদাং দুহাতত ল'ম তুলি, আমাৰ মনত চৰিছে এতিয়া ৰণজেউতি।।।
Poetry Books 50% Off
Bestselling collections from top poets
