নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস
_দিক্ষীতা দাস চৌপাশে হেজাৰ জনৰ হেজাৰ শলিতা পাৰি জানো হেৰাব এই কণ্ঠৰ মালিতা, "ঘেণ্টা কাকো খাতিৰ নকৰো" যাৰ ভাষ্য সাগৰ বক্ষত শুৱলৈ কিয়নো কৰিছিল কাম্য; অসমৰ আকাশত আজি প্ৰতিধ্বনিত ক্ৰন্দন কম্পিত শহস্ৰ জনৰ হৃদস্পন্দন, অসমৰ মান,জাতিৰ প্ৰাণ এটাই নাম "জুবিন দা"........ আধৰুৱা এতিয়া অসমীয়া সংস্কৃতি উকা হব অসমৰ বিহুতলী, সুৰৰ নিচাত মাতাল সেই যুৱপ্ৰজন্মই কেনেকৈ কৰিব বোকা নৃত্য পাৰিব জানো চাক্ষুষ দৃষ্টিৰে চাব তোমাৰ শেষ কৃত্য........ এবাৰ নাভাবিলা,এবাৰ ঘুৰি নাচালা অসমীয়াৰ আৱেগক একাষৰীয়া কৰি, তুমি শুই গ'লা কোনোবা সুদুৰৰ তোমাৰ গভীৰতা নুবুজা অজান সাগৰত। তোমাৰ গানৰ মাজত পাওঁ জীৱন জীয়াৰ প্ৰেৰণা নাজানো হঠাতে এয়া কি....? নে সুযোগ সন্ধানী ভগৱানৰ চলনা স্বদেশৰ উমাল বুকুৰ পৰা তোমাক আতৰাই "ছিংগাপুৰ জেনেৰেল হাস্পতাল" সজালে তোমাৰ শেষ ঠিকণা.... হায়! হায়! নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস!!
Poetry Books 50% Off
Bestselling collections from top poets
