নতুন বছৰটো আহিয়েই থাকিব
Abhijit Choudhury ১ বাৰ বাজিছে নতুন বছৰে জাকজমক সাজ পিন্ধিলে কিন্তু কি নৱ সৃষ্টি আছে এই অনাগত দিনবোৰত, এন্ধাৰৰ দপদপনি আৰু দিনবোৰৰ ব্যস্ততা একেইতো থাকিব সময়ৰ চাৱনি জানো সলনি হব । 2. এনে কি আছে বিয়াৰ আগত প্ৰেয়সী আৰু বিয়াৰ পিছত অর্ধাংগিনী - সেন্দুৰৰ ৰঙবোৰে কেৱল কপালত উমলিব, মৰমবোৰৰ গভীৰতা একেইতো থাকিব চকুৰ কথাবোৰ জানো সলনি হব। ৩. সময় বাগৰিছে এটা কলা চক্ৰৰ দৰে দেহৰ হাড়-ছালবোৰ শোতোৰা কৰিবলৈ, ঘড়ীৰ কাইটবোৰে মৃত্যুক হাতবাউল দি মাতি আছে তেনেহলে কিহৰ নতুন বছৰ । ৪ মোৰ দিনপঞ্জীত কেৱল শীত আৰু গৰমৰ দিনবোৰৰ পয়োভৰ মৰমৰ দৰ-দামবোৰ বঢ়োৱাৰ চিন্তা, দুখৰ চকুপানীবোৰ পান কৰি সুখ ছটিওৱাৰ প্ৰচেষ্টা নতুন বছৰটো আহিয়েই থাকিব।
Poetry Books 50% Off
Bestselling collections from top poets
