#অণুগল্প #মাতৃত্ব
:-- বাবা তই ......! ওহোঁ আৰু এটা শব্দও নোলাল মানুহজনীৰ মুখৰপৰা। অপলক নেত্ৰে চাই ৰ'ল ল'ৰাটোলৈ। দুচকু সজল হৈ আহিল। এপাকত ল'ৰাটোৱে "মা" বুলি সজোৰে সাৱটি ধৰিলে মানুহজনীক। মানুহজনীয়েও মাতৃত্বৰ মমতাৰে সোমোৱাই ল'লে তাক বুকুৰ মাজত। মালিনী আৰু কল্যাণ এয়া। মালিনী কল্যাণৰ দেউতাকৰ প্ৰথমা পত্নী। বিয়াৰ সাত বছৰৰ পিছতো সন্তান জন্ম নোহোৱাৰ বাবেই মালিনীৰ লগত বিবাহ বিচ্ছেদ ঘটাই নন্দিনীক বিয়া কৰাইছিল কল্যাণৰ দেউতাকে। দুৰ্ভাগ্যক্ৰমে কল্যাণৰ জন্মৰ পিছতেই নন্দিনীৰ মৃত্যু হৈছিল।অকলশৰীয়া মানুহজনে কল্যাণৰ জীৱনৰ কথা ভাবিয়েই পুনৰ কাষ চাপিছিল মালিনীৰ। কোনো আক্ষেপ নাৰাখি মালিনীয়ে বুকুৰ উমেৰে আলফুলে তুলি-তালি ডাঙৰ কৰিলে কল্যাণক নিজ পুত্ৰৰ দৰেই। সেই পুত্ৰই আজি মাকৰ কাষত থিয় দিছেহি অনাবিল সুখৰ কাৰক হৈ।।।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
