"শূন্যতা"
মোৰ ৰন্ধ্ৰে ৰন্ধ্ৰে শিপাই আছে এক সুনীল বাসনা, শব্দৰ চানেকীৰে সজাও কিদৰে উকা কাগজত অব্যক্ত ভাৱৰ সেউজ মালিতা? শূন্যতাৰে ভৰা মোৰ অনুভৱী আকাশ, শূন্যতাৰ কিৰীলিতেই যে থমকি ৰয় সৃষ্টিশীল মনৰ হাবিয়াস। পূৰ্ণতাৰ পৰশ বিচাৰি অৰঙে-দৰঙে ঘূৰিলোঁ গোটেই জীৱনজুৰি, প্ৰকৃতিৰ শীতল ছাঁত, আধুনিকতাৰ বলিয়া বাত আপোনমনে ল'লো জিৰণি। ওহোঁ, নাপালো ক'তোতে পূৰ্ণতাৰ কুঁহিপাত বাৰে বাৰে ঠেকা খাই পৰি ৰওঁ মাথো শূন্যতাৰ মোহনাত, শূন্যতাৰ বুকুতেই হেৰাই আশাৰ বাট পামনে কেতিয়াবা শূন্যতাৰ বিপৰীতে পূৰ্ণতাৰ নৱ প্ৰভাত!
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
