চ'তৰ তাঁতবাতিত নাই কপৌফুল
বহাগৰ গামোচাতো নাই নাই যি নাই ৰঘু চৌধাৰীৰ কবিতাটো নাই- তাৰ বাবে কপৌফুলৰ কোনো হুমুনিয়াহো নাই ৷ স্বজীৱী হাবিৰ কপৌ আহি গাঁৱৰ তামোল গছত পৰজীৱী হয় প্লাষ্টিকৰ টাবত মহানগৰীৰ বেলকনি শুৱায় ৷ আহে বিহু বহাগত নগৰৰ মঞ্চত যায় বিহু জেঠত হেঙাৰ দিয়া বাটত ৷ কিয় ফুলিছ তই ইমান মৰম লগা কৈ ? তোৰ নো আদৰ কত ? তই এলাগী হলি আজি সেই বিহু নাচি ভালপোৱা ছোৱালীজনীয়েও এলাগী কৰিলে আজি তোক সৰুতে ৰেডিঅ'ত শুনিছিলো "পাহাৰ বগাই বগাই চেনিমাই কপৌফুল আনি দিম", আৰু টিভিত'অ শুনিছিলো "কপৌ পাহে পাহে মৰম বাঢ়ে বাঢ়ে ", কিন্তু সেইয়া যে এতিয়া অতীত তোৰ গাত এতিয়া এতিয়া প্ৰেম প্ৰেম সুগন্ধ ও নাই সেই মৰমৰ ভঁৰালটোও নাই যত প্ৰেমিক - প্ৰেমিকাই মৰমবোৰ সাচিছিল । ফ্লাই অ'ভাৰৰ গাড়ীত বহি টীণ-এজাৰ কন্যাক মাকে সোধে ড্ৰাইভাৰৰ হাতৰ বিহু সংখ্যা আলোচনীৰ বেটুপাত দেখুৱাই- এইবোৰ কি ফুল জান' ? অৰ্কিড ! কন্যাৰ হৰ্ষোল্লাস কণ্ঠ ৷ দামী গাড়ীৰ গ্লাছ ভাঙি ধুমুহা হৈ যাব খোজে বেটুপাতৰ কপৌফুল- হাবি বিচাৰি, তামোল গছ বিচাৰি জেং বিহু বিচাৰি জেং ৰাইমুখলৈ ৷ টোপনি খতিৰ ডেকা ড্ৰাইভাৰে টোপনি ভঙাৰ আশাৰে গাড়ীৰ টেপ বজাই দিয়ে- উৰি আহে সবিতা চৌধুৰী বৰদৈচিলা হৈ 'কপৌ পাহি তোমাৰ লাহী দেহৰ পৰশ দিয়া' ৷ ডেকা ড্ৰাইভাৰৰ চকুত হাঁহি চেনাইৰ খোপালৈ মনত পৰি....৷
Poetry Books 50% Off
Bestselling collections from top poets
