বিষাদ ৰ ছন্দ
কথাবোৰ ৰ মাজে মাজে তোমাৰে কথা পাতো অহৰহ সপোনৰ আৰে আৰে তোমাৰে শব্দবোৰ সজাওঁ বিৰহ তুমি দি নোযোৱা অনুভূতিবোৰক অনুভৱৰ দখনা পিন্ধাও মৰীচিকা সজায় তুমি দি নোযোৱা বিশ্বাস বোৰ ৰ ৰাজহুৱা শ্ৰাদ্ধ পাতো মই এতিয়া নিসংগতা উপভোগ কৰো তুমি মোৰ নোহোৱা স্তৱক বোৰ ৰ নিসংগ ধৰ্ষণ কৰিবলৈ অলীক ভাৱে মই এতিয়া কবিতাৰ ভাষা ঘৃণা কৰো তোমাৰ অস্তিত্বই মোৰ কবিতাৰ শব্দ হবলৈ ধৰা বাবে .... তুমি বিশ্বাস কৰিবানে চাউল উতোৱা পানীৰ লগতে উতুৱাই দিয়া তুমি মোৰ বিশ্বাসবোৰে আজিও ধুমুহা হৈ জোকাৰি যায় মোৰ বিষাদ ৰ কেছা মঙহৰ টুকুৰা
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
