* আধৰুৱা সপোন *
আঁউসীৰ আন্ধাৰ আঁতৰি হঠাতেই পোহৰ হ'ল মোৰ পৃথিৱী, লঠঙা হৃদয়তো দেখোন কুঁহিপাতৰ বুলনি! কণ্টকময় জীৱনৰ আলি-কেঁকুৰি পুষ্পবনহে যেন একোখনি, কোনেনো বোৱালে ঝিৰঝিৰ মৰমৰ নদী নিস্তেজ দুচকুতো জিলিকিল সোণাৰুফুলীয়া হাঁহি! উস্ ক'তো নাইচোন সুখৰ সুৰভি ক'ত হেৰালে মোৰ সুনীল আকাশখনি? চিনিলোঁ, জানিলো সেয়া যে মাথোঁ আধৰুৱা সপোনৰ কাহিনী মৰীচিকাহে আছিল মোৰ স্বৰ্ণাভ সপোনৰ সাৰথি।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
